ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ৯১৪৮১ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৬৩৯৪ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ১১০০জন কামৰূপ মেট্ৰ’ৰ, ৫০২জন কামৰূপ গ্ৰাম্যৰ, ৪৫৯জন ডিব্ৰুগড়ৰ আৰু ৪৩০জন নগাঁৱৰ। সোমবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ৬.৯৯ শতাংশ।
আনহাতে,সোমবাৰৰ দিনটোত মৃত্যু হৈছে ৯২ জন ব্যক্তিৰ৷উল্লেখ্য যে সোমবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ৪৭৩৭জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৮৫.৭৩ শতাংশ।এতিয়ালৈকে অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৩৩৫০২৩ জনলৈ বৃদ্ধি পাইছে ।ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ৪৪৯৪২জন ৰোগী।












