ASSAM TIMES POST
অজন্তা তালুকদাৰঃ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত দিন দুপৰতে দাও-দাওকৈ জ্বলিল এখন ট্ৰাক।
বোকাখাতৰ সাপজুৰিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত শুকুৰবাৰে পুৱাৰ ভাগত এখন মালবাহী ট্ৰাকৰ কেবিনত হঠাতে জুই লাগি সমগ্ৰ ট্ৰাকখন জুয়ে আগুৰি ধৰে।
জুই লগাৰ বিশেষ কাৰণ সঠিককৈ এতিয়াও জানিব পৰা হোৱা নাই যদিও বেটাৰীৰ শ্বৰ্ট চাৰ্কিটৰ ফলতে জুইৰ সূত্ৰপাত ঘটা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।
এএছ ০১ ডিডি ৪১৭৪ পঞ্জীয়ন নম্বৰৰ কাপোৰ ভৰ্তি ট্ৰাকখন তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈ গৈ থকা অৱস্থাত বোকাখাতৰ সাপজুৰিত হঠাতে জুই লগাত চালকজনে লগে লগে ট্ৰাকখন পথৰ দাঁতিলৈ আনি ট্ৰাকখনৰপৰা জঁপিয়াই প্ৰাণ ৰক্ষা কৰে।
তৎমুহূৰ্ততে আৰক্ষী ঘটনাস্থলী পায়হি আৰু অগ্নিনিৰ্বাপক বাহিনীৰ সহায়ত ট্ৰাকখনৰ জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে তৎপৰতাৰে সম্ভাৱ্য ডাঙৰ বিপদৰপৰা ৰক্ষা কৰাৰ বাবে স্থানীয় ৰাইজে আৰক্ষীৰ ভূমিকাক শলাগ লৈছে।












