ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ৪৪,০৫৭ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৪০৭৮ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ১১০৭জন কামৰূপ মেট্ৰ’ৰ। বৃহস্পতিবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ৯.২৬ শতাংশ।
বিগত ২৪ ঘণ্টাত ৰাজ্যখনত ৭৬ জন লোকৰ মৃত্যু হয়। সম্প্ৰতি ৰাজ্যৰ সুস্থতাৰ হাৰ হৈছে ৮৫.৮০ শতাংশ।












