ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ৫৯৫৯৪ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৫৪৬৮ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ১১৭৩জন কামৰূপ মেট্ৰ’ৰ, ৪৫২জন ডিব্ৰুগড়ৰ, ৪৩১জন কামৰূপ গ্ৰাম্যৰ, ৩৩২জন নগাঁৱৰ। বৃহস্পতিবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ৯.১৮ শতাংশ।
আনহাতে,বৃহস্পতিবাৰৰ দিনটোত মৃত্যু হৈছে ৭৫ জন ব্যক্তিৰ৷উল্লেখ্য যে বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ৪২১৯জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৮৫.৫৯ শতাংশ।এতিয়ালৈকে অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৩১৫৫৫৪জনলৈ পাইছে বৃদ্ধি।ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ৪২১৪৪জন ৰোগী।












