ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ৬৩৯৫৬ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৫৬৫৭ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ১৪৫৬জন কামৰূপ মেট্ৰ’ৰ, ৪৬০জন কামৰূপ গ্ৰাম্যৰ, ৩৮১জন ডিব্ৰুগড়ৰ, ২৯৩জন নগাঁৱৰ। বুধবাৰৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ৮.৮৫ শতাংশ।
আনহাতে,মঙলবাৰৰ দিনটোত মৃত্যু হৈছে ৭১জন ব্যক্তিৰ ৷উল্লেখ্য যে বুধবাৰৰ দিনটোত ৰাজ্যত সুস্থ হয় ৩৮৮০জন ব্যক্তি। সুস্থৰ হাৰ ৮৫.৭৪ শতাংশ।
এতিয়ালৈকে অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৩১০০৮৬জনলৈ বৃদ্ধি পাইছে।ইফালে, ৰাজ্যত চিকিৎসাধীন হৈ আছে ৪০৯৭০জন ক’ৰোনাক্ৰান্ত ৰোগী।












