ৰাজ্যবাসীক শোকৰ সাগৰত ডুবাই থৈ আঁতৰি গ’ল অসমৰ বৌদ্ধিক জগতৰ মহীৰূহ হোমেন বৰগোহাঞি। অসমীয়া সাহিত্য তথা সমাজ জীৱনৰ অভিভাৱক স্বৰূপ হোমেন বৰগোহাঞিয়ে আজি জি এন আৰ চি হস্পিটেলত পুৱা ৬ বাজি ৫৮ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে। জানিব পৰা মতে পুৱতি নিশা প্ৰায় ৩ মান বজাত নিজৰ কোঠাত ঢলি পৰিছিল তেওঁ।
তাৰ পিছত হস্পিটেললৈ অনা হয় যদিও তাত মৃত্যু হয়।
কথাশিল্পীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসম সাহিত্য সভাকে ধৰি বিভিন্ন অনুষ্ঠান, দল. সংগঠন আৰু ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমাবেদনা জনায়। আজি দিনৰ ১২ বজাত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ’ব।
যোৱা ৭ মে’ত তেওঁ কোভিডৰ পৰা মুক্ত হৈছিল৷ অৱশ্যে মৃত্যুৰ সময়ত তেওঁ কোভিড আক্ৰান্ত আছিল নেকি জানিবলৈ পুনৰ কোভিড টেষ্ট কৰা হৈছে৷
হোমেন বৰগোহাঞিৰ জন্ম হৈছিল ১৯৩২ চনৰ ৭ ডিচেম্বৰত ঢকুৱাখনাত৷ তেওঁ ডিব্ৰুগড় চৰকাৰী বালক বিদ্যালয়ৰ পৰা হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰি কটন কলেজত উচ্চ শিক্ষাৰ বাবে নামভৰ্তি কৰিছিল৷
সাহিত্যৰ উপৰি সংবাদ জগতৰ লগতো ওতপ্ৰোতভাৱে জড়িত আছিল বৰগোহাঞি৷ ৰামধেনু যুগতেই সাংবাদিকতাৰ জগতত প্ৰৱেশ কৰা বৰগোহাঞিয়ে সম্পাদক হিচাপে নেতৃত্ব প্ৰদান কৰিছিল নীলাচল, সূত্ৰধাৰ, নাগৰিক, সাতসৰী, অসমবাণী, আমাৰ অসম আৰু মৃত্যু পৰ্যন্ত নিয়মীয়া বাৰ্তা কাকতত৷
তেওঁৰ প্ৰখ্যাত উপন্যাস ‘সাউদৰ পুতেকে নাও মেলি যায়’, ‘হালধিয়া চৰায়ে বাওধান খায়’, ‘অস্তৰাগ’, ‘পিতাপুত্ৰ’, ‘মৎস্যগন্ধা’ আদিয়ে জনপ্ৰিয় আৰু ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত চলচ্চিত্ৰ হিচাপে খ্যাতি অৰ্জন কৰিছে৷
তিমিৰ তীৰ্থ, কুশীলৱ, এদিনৰ ডায়েৰী, বিষণ্ণতা, নিসংগতা, সুবালা আদিও তেওঁৰ অন্যতম উপন্যাস৷ তেওঁৰ আত্মজীৱনীমূলক গ্ৰন্থ আত্মানুসন্ধান, মোৰ সাংবাদিক জীৱন, ধুমুহা আৰু ৰামধেনু, মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ আদি৷ অসংখ্য প্ৰবন্ধৰ ভিতৰত তেওঁৰ কেইখনমান উল্লেখযোগ্য প্ৰবন্ধ সংকলন হৈছে গদ্যৰ সাধনা, মানুহ হোৱাৰ গৌৰৱ, প্ৰজ্ঞাৰ সাধনা, উচ্চাকাংক্ষা আদি৷
হোমেন বৰগোহাঞিয়ে ১৯৭৮ চনত পিতা-পুত্ৰ উপন্যাসৰ বাবে লাভ কৰে সাহিত্য অকাডেমি বঁটা৷ অসম উপত্যকা সাহিত্য বঁটা, নীলমণি ফুকন বঁটা, শ্ৰীমন্ত শংকৰদেৱ বঁটাৰেও সন্মানিত হৈছিল বৰগোহাঞি৷