ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ৬৮,৫৭২ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৬২৫৮ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ১৫৮৫জন কামৰূপ মেট্ৰ’ৰ, ৫২৭জন কামৰূপ গ্ৰাম্যৰ, ৫০৭জন ডিব্ৰুগড়ৰ আৰু ৩১৩জন নগাঁৱৰ। এতিয়ালৈকে ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৩০৪৪২৯জনলৈ পাইছে বৃদ্ধি।মঙলবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ৯.১৩ শতাংশ।
আনহাতে,মঙলবাৰৰ দিনটোত মৃত্যু হৈছে ৮৫ জন ব্যক্তিৰ ৷ইফালে, ৰাজ্যখনত মঙলবাৰৰ দিনটোত সুস্থ হয় ৪৪০৯জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৮৬.০৬ শতাংশ।উল্লেখ্য যে এতিয়াও অসমত ক’ৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৩৯২৬৪জন ৰোগী।
তেনে পৰিস্থিতিত সংবাদমেল যোগে আজি দিনত নতুন নীতি-নিৰ্দেশনা প্ৰকাশ কৰা হ’ব বুলি জনায় নৱ নিযুক্ত স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে। আজি কেবিনেট বৈঠকতো ক’ভিড সন্দৰ্ভত কেতবোৰ সিদ্ধান্ত লোৱাৰ কথা অৱগত কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই।












