ASSAM TIMES POST
নগাঁওঃ নগাঁৱত অবৈধ সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ সুৰাৰ বটল। অবৈধভাৱে সুৰা মজুত ৰখাৰ অভিযোগত আৰক্ষীয়ে ছজন লোকক আটক কৰে।
নগাঁও জিলা আৰক্ষী অধীক্ষক শংকৰ ব্ৰত ৰায় মেধিৰ নিৰ্দেশত প্ৰতিখন থানাৰ আৰক্ষীয়েই চলালে সুৰা বিৰোধী অভিযান। নগাঁৱৰ মৰিকলঙত নগাওঁ নগৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া গৌৰৱ মহন্তৰ নেতৃত্বত চলিল অভিযান।
সমান্তৰালকৈ নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শৈলেন দেউৰীৰ নেতৃত্বতো চহৰখনৰ বিভিন্ন স্থানত চলিল একেই অভিযান। অভিযানত আৰক্ষীয়ে জব্দ কৰে কার্টুনে কার্টুনে বিভিন্ন ব্ৰেণ্ডৰ সুৰা।
নগাঁৱৰ আমতলা ,চিলঙনি আদি অঞ্চলত আৰক্ষীয়ে চলোৱা সুৰা বিৰোধী অভিযানটৈ বৃহৎ পৰিমাণৰ সুৰাৰ বটল জব্দ হয়।