ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ৭২,১৯৭ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৫৮০৩ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ।
ইয়াৰে ১৪৮১জন লোক কামৰূপ মেট্ৰ’ৰ। আনহাতে ৪৮৬জন কামৰূপ গ্ৰাম্য, ৩৯২জন ডিব্ৰুগড় আৰু ২৭৫জন নগাঁৱৰ।সোমবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ৮.০৪ শতাংশ।
আনহাতে,সোমবাৰৰ দিনটোত মৃত্যু হৈছে ৭৭ জন ব্যক্তিৰ৷ইয়াৰে ৩০জনকৈ লোক কেৱল কামৰূপ মহানগৰৰ।আনহাতে, সোমবাৰৰ দিনটোত অসমত সুস্থ হৈছে ৪২৩১জন লোক।উল্লেখ্য যে ৰাজ্যত সুস্থৰ হাৰ ৮৮.২৯ শতাংশ ।বৰ্তমান ক’ৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৩৭৫০০জন ৰোগী।












