ASSAM TIMES POST
নগাঁওঃ নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত পুৰণিগুদাম আৰ.কে.বি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা আৰু ছাত্ৰ একতা সভাৰ সম্পাদকক আক্ৰমণৰ ঘটনাক লৈ আজি বিদ্যালয়খনৰ ছাত্র একতা সভাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
উল্লেখ্য, বুধবাৰে বিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক পুলক বৰাক এটা দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰিছিল। বিদ্যালয়ত অনাধিকাৰ প্ৰৱেশ কৰি ছাত্ৰজনক আক্ৰমণ কৰিছিল দুৰ্বৃত্তৰ দলটোৱে৷ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ছাত্ৰজন৷ ইয়াৰ লগতে দুৰ্বৃত্তৰ দলটোৱে আক্ৰমণ কৰে বিদ্যালয়খনৰ বহুকেইগৰাকী কৰ্মচাৰীৰ লগতে অধ্যক্ষাক।

ঘটনা সন্দৰ্ভত পুৰণিগুদাম আৰক্ষীয়ে আটক কৰে তিনিজনকৈ যুৱকক৷ ধৃত যুৱক তিনিজন পুৰণিগুদামৰ চলচলি অঞ্চলৰ বুলি জানিব পৰা গৈছে৷
উল্লেখ্য যে এই ঘটনাৰ বাবেই বিদ্যালয়খনৰ শিক্ষক তথা ছাত্ৰ-ছাত্ৰীয়ে আজি শিক্ষক দিৱসৰ কাৰ্যসূচীও বৰ্জন কৰে৷ বিভিন্ন অনুষ্ঠান আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়৷
দুৰ্বৃত্তৰ আক্ৰমণৰ ঘটনাক জিলাখনৰ সচেতন মহলে গৰিহণা দিয়াৰ লগতে দোষীক উপযুক্ত শাস্তি প্রদানৰ দাবী তুলিছে৷












