ষ্টাফ ৰিপ’ৰ্টাৰ:
আজি অসমৰ পঞ্চদশ মুখ্যমন্ত্ৰী হিচাবে শপত ল’লে ডঃ হিমন্ত বিশ্ব শৰ্মাই৷ লগতে শপত গ্ৰহণ কৰে ১৩ জন কেবিনেট মন্ত্ৰীয়ে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে শপত বাক্য পাঠ কৰায় ৰাজ্যপাল জগদীশ মুখীয়ে। হিমন্ত বিশ্ব শৰ্মাৰ প্ৰাৰম্ভিক কেবিনেটৰ ১৩জন মন্ত্ৰীয়েও আজি শপত গ্ৰহণ কৰে।
ইয়াৰে ভিতৰত ২জন অগপ আৰু ১জন ইউপিপিএল আৰু ১০জন বিজেপিৰ বিধায়ক৷ আজি কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে বিজেপিৰ বিমল বৰা, ৰঞ্জিত দাস, পৰিমল শুক্লবৈদ্য, চন্দ্ৰমোহন পাটোৱাৰী, ৰণোজ পেগু, সঞ্জয় কিষাণ, অজন্তা নেওগ, যোগেন মহন, অশোক সিংঘাল আৰু পীযূষ হাজৰিকাই।
আনহাতে, অগপৰ অতুল বৰা আৰু কেশৱ মহন্তই কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত গ্ৰহণৰ উপৰি ইউপিপিএলৰ একমাত্ৰ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে উৰ্খাও গৌৰা ব্ৰহ্মই শপত গ্ৰহণ কৰে।
এই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি উত্তৰ পূবৰ কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী। উপস্থিত থাকে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা, কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিং, নৰেন্দ্ৰ সিং টোমৰ, অৰুণ সিং সহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।












