ASSAM TIMES POST
নগাঁওঃ নগাঁও চহৰৰ মধ্য শিয়ালমাৰীত আজি দিন দুপৰতে বাইকত অহা অস্ত্ৰধাৰী দুৰ্বৃত্তই এগৰাকী বেংক কৰ্মচাৰীৰ পৰা লক্ষাধিক টকা লুটি লৈ যায়।
প্ৰাপ্ত খবৰ মতে, আজি দিনৰ প্ৰায় ১২.৩০ বজাত নগাঁও চহৰৰ বন্ধন বেংকৰ হয়বৰগাঁও শাখাৰ কৰ্মচাৰী ৰিংকু শইকীয়াক মধ্য শিয়ালমাৰীত বাইকত অহা দুৰ্বৃত্তই আগুচি ধৰি লুটি লৈ যায় নগদ ১ লাখ ২৩ হাজাৰ টকা।
দুজনীয়া দুৰ্বৃত্তৰ দলটোৱে ৰিংকু শইকীয়াক চোকা অস্ত্ৰৰে আঘাট কৰাৰ ফলত তেওঁ গুৰুত্বৰভাৱে আহত হয়। ডকাইতি ঘটনাটো সংঘটিত কৰি দুৰ্বৃত্তই পলায়ণ কৰিবলৈ সক্ষম হয়।
পাচত ঘটনাস্থলীত নগাঁও আৰক্ষী উপস্থিত হৈ আহত ৰিংকু শইকীয়াক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে দুৰ্বৃত্তৰ সন্ধানত অভিযান আৰম্ভ কৰে।












