ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ৬৫,১৪০ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৫৭৫৬ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ১৫৪৩জন কামৰূপ মেট্ৰ’, ৪৮৪জন কামৰূপ গ্ৰাম্য, ৩৯২জন ডিব্ৰুগড় আৰু ২৯২জন নগাঁৱৰ। শনিবাৰৰ দিনটোত ৰাজ্যত আক্ৰান্তৰ হাৰ হৈছে ৮.৮৪ শতাংশ।
আনহাতে,শনিবাৰৰ দিনটোত ৰাজ্যত মৃত্যু হৈছে ৫০ জন ব্যক্তিৰ।বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২,৮৯০৬৯ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ৩৬,৭৯৯জন ৰোগী।সম্প্ৰতি অসমত সুস্থ হোৱা লোকৰ হাৰ হৈছে ৮৬.২৪ শতাংশ।












