ASSAM TIMES POST
গুৱাহাটীঃ ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, দাৰ্শনিক আৰু পণ্ডিত পুৰুষ ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম দিন শিক্ষক দিৱস বৃহস্পতিবাৰে সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰি পালন কৰা হয়। ৰাজ্যৰ প্ৰতিখন প্ৰাথমিক; উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়, মহাবিদ্যালয় তথা বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে এই দিৱসৰ আয়োজন কৰি শিক্ষাগুৰুলৈ শ্ৰদ্ধা নিবেদন কৰে।
সমান্তৰালভাৱে প্ৰতিজন প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে প্ৰিয় শিক্ষকজনক সোঁৱৰণ কৰি শ্ৰদ্ধা যাঁচে। অসম চৰকাৰৰ উদ্যোগটো গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰাংগনত অৱস্থিত শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত শিক্ষক দিৱস পালন কৰা হয়। ইয়াত মুখ্য অতিথি আৰু সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য।
ইয়াতে মনোনীত শিক্ষক-শিক্ষয়িত্ৰীসকলক ৰাজ্যিক বঁটা প্ৰদান কৰা হয়। ইয়াৰ বিপৰীতে ন্যায্য প্ৰাপ্তিৰ দাবীত একাংশ শিক্ষাগুৰুৱে প্ৰতিবাদ কৰিবলগীয়া হয় শিক্ষক দিৱসৰ দিনটোতে। শিক্ষক-কৰ্মচাৰী ঐক্য মঞ্চই শিক্ষক দিৱস বৰ্জন কৰি গুৱাহাটীৰ চচলত প্ৰতীকী অনশন কাৰ্যসূচী ৰূপায়ণ কৰে।
সৰ্বস্তৰৰ ভেঞ্চাৰ শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ আৰু অসম শিক্ষা প্ৰাদেশিকীকৰণ আইন, ২০১৭ৰ পূৰ্ণ পৰ্যায়ৰ সংশোধনৰ দাবীত শিক্ষক-কৰ্মচাৰীসকলে প্ৰতিবাদেৰে উত্তাল কৰি তোলে ধৰ্ণাস্থলী। ইফালে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজেও কলিয়াবৰৰ কুঁৱৰীটোলস্থিত মুক্তিযুঁজাৰু স্মৃতি ভৱনত কেন্দ্ৰীয়ভাৱে শিক্ষক দিৱস উদযাপন কৰে।













