ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ৬৮৩১৮ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৫৬২৬গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ১৫৫১জন কামৰূপ মেট্ৰ’ৰ, ৪৭৪জন কামৰূপ গ্ৰাম্যৰ, ৪৫৩জন ডিব্ৰুগড়ৰ, ২৯৪জন নগাঁৱৰ। শুকুৰবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ৮.২৪ শতাংশ।ইফালে, শুকুৰবাৰে ৰাজ্যত সুস্থ হৈছে ৩২৬২জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৮৬.৯১ শতাংশ। এতিয়াও ৰাজ্যত চিকিৎসাধীন হৈ আছে ৩৪১৪৬জন ৰোগী।আনহাতে,শুকুৰবাৰৰ দিনটোত মৃত্যু হৈছে ৪৭ জন ব্যক্তিৰ ।












