ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ৬১৩৭৭ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৪৯৩৬ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
ইয়াৰে ১৩৫৩জন কামৰূপ মেট্ৰ’ৰ, ৪৮৪জন ডিব্ৰুগড়ৰ, ৪৫৪জন কামৰূপ গ্ৰাম্যৰ, ২৭৫জন নগাঁৱৰ। বৃহস্পতিবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ৮.০৪ শতাংশ। আনহাতে, অসমত বৃহস্পতিবাৰৰ দিনটোত ক’ৰোনাত আক্ৰান্ত ৪৬জন লোকৰ মৃত্যু হৈছে ৷ এতিয়ালৈকে মৃত্যু হোৱা লোকৰ সংখ্যা ১৫৩১জনলৈ বৃদ্ধি পাইছে ৰাজ্যত।
ইফালে, বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ২৯৭৬জন লোক।উল্লেখ্য যে ৰাজ্যত সুস্থৰ হাৰ ৮৭.৫০ শতাংশ। আনহাতে,এতিয়াও অসমত চিকিৎসাধীন হৈ আছে ৩১৮২৯জন ৰোগী।












