ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ৫২,০৭৪ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৪৮২৬গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ এই তথ্য টুইটাৰযোগে জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
কেৱল গুৱাহাটী মহানগৰীতে ক’ৰোণাত আক্ৰান্ত হ’ল ১,৩৮৩ জন ব্যক্তি। আনহাতে ৩৮০জন ডিব্ৰুগড়, ৩৭০জন কামৰূপ গ্ৰাম্য, ২০৯জন বৰপেটাৰ ব্যক্তি ক’ৰোনাত আক্ৰান্ত হৈছে।বুধবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ৯.২৭ শতাংশ ৷
আনহাতে,বুধবাৰৰ দিনটোত মৃত্যু হৈছে ৫৫জন ব্যক্তিৰ।ইয়াৰে ১৮জন কামৰূপ মেট্ৰ’ৰ, ৬জন বৰপেটাৰ, ৩জন গোৱালপাৰাৰ, ৩জন নগাঁৱৰ।এতিয়ালৈকে ৰাজ্যত মৃত্যু হোৱা লোকৰ সংখ্যা ১৪৮৫জনলৈ বৃদ্ধি পাইছে।
ইফালে,ৰাজ্যত সুস্থ হৈছে ২৯১৬জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৮৭.৯৯ শতাংশ। বৰ্তমান ৰাজ্যত ক’ৰোণাত নতুনকৈ আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ২৯৯১৫জন ৰোগী।












