ASSAM TIMES POST
গোলাঘাটঃ গোলাঘাট জিলা ক্ৰীড়া বিষয়া মনোৰমা দাসক বুধবাৰে উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে৷ গোলাঘাট আৰক্ষী আৰু মুখ্যমন্ত্ৰী তদাৰকী কোষৰ এটা দলে জিলা ক্ৰীড়া বিষয়া কাৰ্যালয়ৰ পৰা গ্ৰেপ্তাৰ কৰে বিষয়াগৰাকীক৷
চৰকাৰে বিদ্যালয়লৈ আবণ্টন দিয়া ধনৰ ঘোচ লওতেই বিষয়া গৰাকীক ৩০ হাজাৰ টকাসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। প্ৰাপ্ত খবৰ অনুসৰি ঢেকিয়াল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে বিষয়াগৰাকীক।
বিষয়াগৰাকীৰ ভাৰাঘৰত আৰক্ষীয়ে অভিযান চলাই ১ লাখ টকা উদ্ধাৰ কৰাৰ লগতে বহু তথ্য উদ্ধাৰ কৰিছে। ইতিমধ্যে গোলাঘাট আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে৷












