ASSAM TIMES POST
নগাঁওঃ নগাঁও চহৰৰ এজন কংগ্ৰেছী প্ৰাক্তন ৱাৰ্ড কমিচনাৰৰ পৰা আজি আৰক্ষীয়ে গুলী সহ এটা অবৈধ .২২পিষ্টল জব্দ কৰে । আৰক্ষীয়ে অবৈধ অস্ত্ৰ ৰখাৰ অভিযোগত কংগ্ৰেছ নেতা মহেন্দ্ৰ পাছীক গ্ৰেপ্তাৰ কৰে।

জানিব পৰা মতে গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে আজি দুপৰীয়া নগাঁও চহৰৰ মৰিকলং এমজি ৰোডৰ পৰা ৩ জাঁই সজীৱ গুলি আৰু পিষ্টলসহ মহেন্দ্ৰ পাছীক গ্ৰেপ্তাৰ কৰে।
চুৰি গাড়ীৰ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ সন্দেহ কৰা পাছী নগাঁও পৌৰসভাৰ কংগ্ৰেছ দলৰ প্ৰাক্তন ৱাৰ্ড কমিছনাৰ৷ ৰেল’ৱেৰ ভূমিত অবৈধ ব্যৱসায় চলাই অহা পাছীৰ বিৰুদ্ধে নগাঁও চহৰত নিজৰ সম্প্ৰদায়ৰ লোকক মাজে সময়ে ভাবুকি দিয়াৰো অভিযোগ অভিযোগ আছে ৷












