ষ্টাফ ৰিপ’ৰ্টাৰ:
অসমত প্ৰতিদিনেই বৃদ্ধি পাবলৈ লৈছে Corona Virusত আক্ৰান্ত লোকৰ সংখ্যা। যোৱা ২৪ ঘন্টাত ৰাজ্যত ৫৫০০৩ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৪৪৭৫গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ১৪১৭জন লোক কামৰূপ মহানগৰৰ। মঙলবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ৮.১৪ শতাংশ।আনহাতে,মঙলবাৰৰ দিনটোত মৃত্যু হৈছে ৪১জন ব্যক্তিৰ।উল্লেখ্য যে ৰাজ্যত সুস্থৰ হাৰ ৮৮.৪৯ শতাংশ।












