ASSAM TIMES POST
গুৱাহাটীঃ যোৰহাটৰ টীয়ক চাহ বাগিচাৰ হাস্পতালত কৰ্মৰত ডাঃ দেৱেন দত্তৰ হত্যাকাণ্ডৰ বিচাৰ ফাষ্ট ট্ৰেক আদালতত সম্পন্ন কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে।
ইয়াৰ বাবে বিত্ত বিভাগৰ আয়ুক্ত সচিব শ্যাম জগন্নাথনক হত্যাকাণ্ডটোৰ তদন্তৰ দায়িত্ব প্ৰদান কৰিছে ৰাজ্য চৰকাৰখনে।
উল্লেখ্য ৩১ আগষ্টত সংঘটিত এই নাৰকীয় হত্যাকাণ্ডটোৰ পাছত বুধবাৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰয়াত দত্তৰ পত্নীৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে।
মুখ্যমন্ত্ৰীজনে এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি গভীৰ শোক প্ৰকাশ কৰে। উল্লেখযোগ্য যে হত্যাকাণ্ডটোক লৈ ৰাজ্য চৰকাৰৰ ভূমিকাত ক্ষুন্ন হৈ পৰিছিল ভাৰতীয় চিকিত্সা সংস্থা।













