ASSAM TIMES POST
জীতেন বৰকটকী, নগাঁওঃ নগাঁও জিলাৰ জুৰীয়াৰ চতিয়ানত আৰক্ষীৰ অভিযান৷ আৰক্ষীৰ অভিযানত পিষ্টল সহ মাইনুল ইছলাম নামৰ এটা দুধৰ্ষ ডকাইত আটক।
নগাঁও জিলাৰ উপ আৰক্ষী অধীক্ষক জন দাস আৰু জুৰীয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অৰ্পন শইকীয়াৰ নেতৃত্বত চলিছিল এই অভিযান৷ ধৃত মাইনুল ইছলাম নামৰ কুখ্যাত ডকাইতটোৰ পৰা জব্দ এটা নাইন এম এম পিষ্টল আৰু দুই জাই সজীৱ গুলী।
নগাঁও জিলাত সংঘটিত বহুকেইটা ডকাইতি ঘটনাৰ সৈতে জড়িত আছিল আজি আৰক্ষীৰ জালত পৰা কুখ্যাত ডকাইত মাইনুল৷












