ASSAM TIMES POST
গুৱাহাটীঃ উত্তৰ পূব সীমান্ত ৰেলৱেয়ে ইয়াৰ অন্তৰ্গত গুৰুত্বপূৰ্ণ ষ্টেচনসমূহত জাতীয় পতাকা স্থাপন কৰিব।
সেই অনুসৰি অসমৰো কোকৰাঝাৰ, নিউ বঙাইগাঁও, বৰপেটা ৰোড, গোৱালপাৰা টাউন, উত্তৰ লক্ষিমপুৰ, ডেকাৰগাঁও, নাহৰলগুণ, কামাখ্যা, শিলচৰ, কৰিমগঞ্জ, নিউ হাফলং, নিউ তিনিচুকীয়া জংচন, ডিব্ৰুগড়, যোৰহাট টাউন ৰেলৱে ষ্টেচনত জাতীয় পতাকা উত্তোলন কৰা হ’ব।
বুধবাৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া শুভানন চন্দই কয় যে ১০০ ফুট উচ্চতাত জাতীয় পতাকাসমূহ উত্তোলন কৰা হ’ব।
তেওঁ আৰু কয় যে ৰেলৱে ব’ৰ্ডৰ নীতি-নিৰ্দেশনা মৰ্মে ষ্টেচনসমূহৰ কলাত্মক সৌন্দৰ্য উন্নত কৰাৰ অৰ্থে আৰু ৰেল ব্যৱহাৰকাৰীসকলৰ দেশভক্তি তথা ৰাষ্ট্ৰীয়তাবোধৰ উপলব্ধি জগোৱাৰ অৰ্থেই এই পতাকাসমূহ উত্তোলন কৰা হ’ব।













