ASSAM TIMES POST
যোৰহাটঃ টীয়ক চাহ বাগিচাৰ চিকিৎসক দেবেন দত্তৰ হত্যাকাণ্ডৰ শোকাবহ ঘটনাটোৰ সন্দৰ্ভত টীয়কৰ আৰক্ষীয়ে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নেতা মনোজ মাঝিক আটক কৰি প্ৰাৰম্ভিক সোধপোচ আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে৷
উল্লেখ্য যে চাহ জনজাতি ছাত্র সন্থাৰ নেতা মনোজ মাঝিয়ে উক্ত দিনা চিকিৎসক দেবেন দত্তক প্ৰহাৰ কৰিবৰ বাবে একাংশ শ্ৰমিকক উচতনি দিয়াৰ অভিযোগ উত্থাপিত হোৱাৰ উপৰি সংবাদ মাধ্যমৰ আগত প্ৰয়াত চিকিৎসকজনে এই বয়সত চিকিৎসা সেৱাৰ পৰা বিৰত থাকিব লাগে আৰু আটছাই চিকিৎসালয় খনত তেওঁৰ পৰিবৰ্তে অন্য চিকিৎসকক মকৰল কৰিবলৈ বাগিচা কৰ্তৃপক্ষক কেইবাবাৰো স্মাৰকপত্ৰ দিয়া আদি কেতবোৰ প্ৰৰোচনামূলক বক্তব্য দিছিল।
ইফালে সংবাদ মাধ্যমৰ লগতে ছ’চিয়েল মিডিয়াটো সেই বিষয়টো ব্যাপক চৰ্চা হৈছিল। আনহাতে আজি পৰ্যন্ত সমগ্ৰ ঘটনাটোত আৰক্ষীয়ে সৰ্বমুঠ ৩৮ জন লোকক আটক কৰিছে আৰু ইয়াৰে ৩০ জনক জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে৷
বাকী অভিযুক্তসকলক আৰক্ষীয়ে সোধাপোছা অব্যাহত ৰাখিছে। উল্লেখ্য যে বৰ্তমান টীয়ক চাহ বাগিচাৰ পৰিস্থিতি ক্ৰমে স্বাভাৱিক হৈছে আৰু বাগিচাৰ অত্যৱশ্যকীয় সেৱাসমূহ অব্যাহত আছে৷
photo courtesy@News18AssamNE












