ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ সদৌ তাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছু পূৱ মৰঙি আঞ্চলিক সমিতিৰ উদ্যোগত ১নং থুৰামুখ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাঙ্গণত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ বুধবাৰে দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়৷
এই অনুষ্ঠানত উপস্থিত থাকে আটাছু কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পাদক সুনীল গগৈ, আটাছু গোলাঘাট জিলা সভাপতি কৃষ্ণ বৰুৱা ,যুটীয়া সম্পাদক দিপজ্যোতি তামূলী, সাংগঠনিক সম্পাদক দিগন্ত গগৈ, সদস্য সুশান্ত ফুকন, মনজিৎ গগৈ।
কমাৰগাঁও আঞ্চলিক সমিতিৰ সভাপতি জিতু বৰুৱা, পূৱ মৰঙি আঞ্চলিক সমিতিৰ কাৰ্য্যকৰি সভাপতি দিপ্লু গগৈ, যুটীয়া সম্পাদকদ্বয় অংকুৰ ৰাজ গগৈ, হেমন্ত গগৈকে আদিকৰি আঞ্চলিকৰ সমূহ বিষয়বৱীয়া তথা সদস্য উপস্থিত থাকে।মুখ্য চিকিৎসক হিচাপে উপস্থিত থাকে ডাঃ মহমদ আয়োব লগতে আৰু কেইবাজনো চিকিৎসক আৰু চিকিৎসা কৰ্মী।












