ASSAM TIMES POST
গুৱাহাটীঃ অসম সাহিত্য সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশী, প্ৰধান সম্পাদক পদুম ৰাজখোৱা নেতৃত্বাধীন এটা সঁজাতি দলক বুধবাৰে অপমান কৰিলে মেঘদূত ভৱনৰ সঞ্চালক কে কেবিচুচাই। ডাক সেৱাৰ পৰীক্ষা এটাত অসমীয়া ভাষাক সমগ্ৰ ৰাজ্যজুৰি অন্তৰ্ভুক্ত কৰাৰ আহ্বান জনাবলৈ যাওঁতেই এনে গৰ্হিত কাণ্ড সংঘটিত কৰিলে সঞ্চালকজনে।
সঞ্চালকজনৰ কাৰ্যালয় কক্ষৰপৰা তেওঁলোকক প্ৰথমে উলিয়াই পঠিয়াইছিল যদিও সঁজাতি দলটোৱে যথেষ্ঠ ধৈৰ্যৰে পৰৱৰ্তী সময়ত নিজৰ দাবী অৱগত কৰে। সঞ্চালকজনৰ অভদ্ৰ আচৰণক যুক্তি সহকাৰে বিৰোধিতা কৰি তেওঁক সৈমান কৰে প্ৰধান সম্পাদক পদুম ৰাজখোৱাই।
ইয়াৰ পাছতেই সঞ্চালকজনে ক্ষমা খোজে আৰু ডাক বিভাগৰ পৰীক্ষাটোত অসমৰ সকলো এলেকাতে অসমীয়া ভাষাক মান্যতা দিয়াৰ আশ্বাস প্ৰদান কৰে। মেঘদূত ভৱনত সৃষ্টি হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে পৰমানন্দ ৰাজবংশীয়ে ডাক বিভাগৰ অসম সংমণ্ডলৰ অসমীয়া বিষয়া কেইজনমানক দোষাৰোপ কৰে।













