ষ্টাফ ৰিপ’ৰ্টাৰ:
বিগত কেইবাদিনো ধৰি অসমত অব্যাহত আছে ক’ভিডৰ সংহাৰ।যোৱা ২৪ ঘন্টাত ৰাজ্যত ৭২,২৩৯ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৩১৯৭ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
চিনাক্তসকলৰ ভিতৰৰ ১১৮৪জন কামৰূপ মেট্ৰ, ২৪৫জন ডিব্ৰুগড়, ১৪৩জন নলবাৰী আৰু ১৩৩জন কামৰূপ গ্ৰাম্যৰ।ৰাজ্যখনত আক্ৰান্তৰ হাৰ হৈছে ৪.৪৩ শতাংশ।
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২৫৩১২৩ জনলৈ বৃদ্ধি পাইছে । ইফালে, শুকুৰবাৰে ৰাজ্যত সুস্থ হয় ২৪৪৯জন লোক।সুস্থৰ হাৰ ৯০ শতাংশ ৷উল্লেখ্য যে ৰাজ্যত শুকুৰবাৰৰ দিনটোত মৃত্যু হয় ২৬জন লোকৰ।











