ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ গোলাঘাট জিলাৰ এখনি আগশাৰীৰ ব্যক্তিগতখণ্ডৰ কণিষ্ঠ মহাবিদ্যালয় “প্ৰয়াস একাডেমী”ৰ নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস বুধবাৰে সম্পন্ন হৈ যায়। এই উপলক্ষে আয়োজিত এক গাৰ্ম্ভীযপূৰ্ণ অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে শিক্ষানুষ্ঠানটিৰ ৰেক্তৰ মহেন্দ্ৰ শইকীয়াই।
ইয়াৰ পাছতে সাংবাদিক বিকাশ শৰ্মাই মহাবিদ্যালয়খনিৰ প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰস্তুত কৰা “অংকুৰ” আৰু দ্বিতীয় বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰস্তুত কৰা ” প্ৰয়াস” নামৰ প্ৰাচীৰ পত্ৰিকা দুখনি উন্মোচন কৰে।
ৰেক্তৰ মহেন্দ্ৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত নিৰ্দিষ্ট বক্তাৰ আসন অলংকৃত কৰে ফৰকাটিং মহাবিদ্যালয়ৰ শিক্ষাতত্ব বিভাগৰ প্ৰবক্তা অপূৰ্ব ৰঞ্জন দত্তই। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ যতীন্দ্ৰ শইকীয়াই।
এই সভাত শ্ৰেষ্ঠ ছাত্ৰ আৰু অন্যান্য শৈক্ষিক বঁটাসমূহো প্ৰদান কৰা হয়। বঁটা বিতৰণী অনুষ্ঠানৰ আঁত ধৰে মহাবিদ্যালয়খনিৰ প্ৰবক্তা প্ৰকাশ জ্যোতি দত্তই।












