ASSAM TIMES POST
গুৱাহাটীঃ ভাৰত তথা বিশ্বৰ বুকুত পুনৰ জিলিকি উঠিল শক্তিপীঠ কামাখ্যা মন্দিৰ। গুৱাহাটীৰ কামাখ্যা মন্দিৰে ভাৰতবৰ্ষৰ তৃতীয় শ্ৰেষ্ঠ ‘পৰিষ্কাৰ স্থান’ৰ স্বীকৃতি লাভ কৰিছে। জলশক্তি মন্ত্ৰণালয়ৰ অধীনস্থখোৱাপানী আৰু স্বচ্ছতা বিভাগে মঙলবাৰে এই ঘোষণা কৰে। ইয়াকে লৈ শুকুৰবাৰে নতুন দিল্লীত বঁটা গ্ৰহণ কৰিব কামাখ্যা মন্দিৰৰ দলৈ মোহিত চন্দ্ৰ শৰ্মা, স্বচ্ছ ভাৰত অভিযানৰ অসমৰ মিছন সঞ্চালকমোহন লাল চুৰেকাই। একেখন তালিকাৰ প্ৰথম স্থানত আছে জম্মু–কাশ্মীৰৰ প্ৰসিদ্ধ বৈষ্ণো দেৱী মন্দিৰ।













