ASSAM TIMES POST
গুৱাহাটীঃ সদ্য প্ৰকাশিত অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম বাদ পৰা লোকসকলক মানৱীয় দৃষ্টিভংগীৰে চাব লাগিব বুলি মন্তব্য প্ৰকাশ কৰিছে অসম বিধান সভাৰ অধ্যক্ষ হীতেন্দ্ৰ নাথ গোস্বামীয়ে।
বুধবাৰে গুৱাহাটীত গোস্বামীয়ে সংবাদ মাধ্যমত এনআৰচিত বাদ পৰাসকলৰ ভৱিষ্যত সুনিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়। তদুপৰি তেওঁ চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতেও এই বিষয়ত আলোচনাৰ পোষকতা কৰে।
এনআৰচিৰ নিৰ্ভুলতা সন্দৰ্ভত তেওঁ কয় যে ৩৫বছৰৰ পিছত অসমে কিবা এটা পাইছে। ১০০শতাংশ শুদ্ধ কোনো নহয়, এনআৰচিও নহয়! ইফালে তেওঁৰ ভাতৃ তথা জ্যেষ্ঠ বিজ্ঞানী জীতেন্দ্ৰনাথ গোস্বামীৰ নাম এনআৰচিত সন্নিৱিষ্ট নোহোৱাৰ প্ৰসংগত তেওঁ কয় যে এনআৰচিৰ বাবে আবেদন নকৰা বাবেই তেওঁৰ নাম ইয়াত সন্নিৱিষ্ট নহ’ল। বিজ্ঞানী গোস্বামী বৰ্তমান গুজৰাটৰ বাসিন্দা আৰু ভোটাৰ বুলি তেওঁ কয়।













