ASSAM TIMES POST
পাৰ্থ হাজৰিকা, যোৰহাটঃ যোৰহাট জিলাৰ ভগামুখ আৰক্ষী থানাৰ অন্তৰ্গত বান বিধ্বস্ত জাঁজীমুখত যোৱা নিশা এজাক বনৰীয়া হাতীয়ে ৭৩ নং জপং গাঁও প্ৰাথমিক বিদ্যালয়ৰ দুৱাৰ খিৰিকী ভাঙি লণ্ড ভণ্ড কৰে৷
লগতে মধ্যাহ্ন ভোজনৰ কেইবাটাও চাউলৰ বেগত থকা চাউল খায় তহিলং কৰে বুলি জানিব পৰা গৈছে।
বিদ্যালয়ৰ শিক্ষক পৰিচালনা সমিতি আৰু মিচিং ছাত্র সন্থাৰ যোৰহাট জিলা সমিতিৰ সভাপতি ৰূপক টায়োঙে অনতিপলমে চৰকাৰে বনৰীয়া হাতীয়ে ক্ষতিগ্ৰস্ত কৰা প্ৰাথমিক বিদ্যালয়খন মেৰামতি কৰিবলৈ দাবী জনাইছে।












