ষ্টাফ ৰিপ’ৰ্টাৰ:
আজি পুৱা ৭ বাজি ৫১ মিনিট ২৫ চেকেণ্ডত এক ভয়ংকৰ ভূমিকম্পই জোকাৰি গ’ল সমগ্ৰ ৰাজ্য। তেজপুৰৰ পৰা ৩৮ কিলোমিটাৰ দূৰৈত অভিকেন্দ্ৰ থকা ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্ৰাবল্য আছিল ৬.৭।
প্ৰায় ৩০ চেকেণ্ডজুৰি অনুভূত হোৱা ভূমিকম্পটোৰ জোকাৰণিৰ কেই মিনিটমান পিছতে অনুভূত হয় আন এটা ক্ষুদ্ৰ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি। ভূমিকম্পৰ ফলত ৰাজ্যত যথেষ্ট ক্ষয়-ক্ষতিৰ আশংকা কৰা হৈছে। আনহাতে, গুৱাহাটী মহানগৰীৰ বহুকেইটা অট্টালিকাত ফাঁট মেলাৰ খবৰ লাভ কৰা গৈছে












