![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
কণ্ঠশিল্পী ভিটালী দাসৰ জ্যেষ্ঠ ভাতৃৰ বিয়োগ। প্ৰয়াত ভগ্নী তথা কণ্ঠশিল্পী ভিটালী অসুস্থতা খবৰ পাই উচ্চৰক্ত চাপত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছিল পৰাগমণি দাস। গুৱাহাটী মেডিকেল কলেজ হাস্পতালত মৃত্যুৰে যুঁজি নিয়টি ওচৰত হাৰ মানি মৰমৰ ভগ্নী ভিটালী যোৱা বাটেৰে অজান দেশলৈ গুচি গল দাস।
উল্লেখ ক’ৰনাত আক্রান্ত কণ্ঠশিল্পী ভগ্নী প্ৰয়াত ভিটালী দাসক সংকটজনক অৱস্থাত আইচিইউত ভৰ্তি কৰোৱা খবৰ পোৱা পাছতে ১৮ এপ্ৰিলত মানসিকভাৱে ভাগি পৰি উচ্চৰক্ত চাপত আক্রান্ত হৈছিল ভাতৃগৰাকী। প্ৰথমে উত্তৰ গুৱাহাটী জিএনআৰচিত ভৰ্তি কৰোৱা হৈছিল যদিও পিছত জিএমচিএইচলৈ অনা হয় দাসক।
জিএমচিএইচৰ কর্তৃপক্ষই দাসৰ পৰিয়ালক পুৱাই অৱগত কৰে চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱাৰ কথা।
গুৰুত্বপূৰ্ণ কথা এই যে প্ৰয়াত ভগ্নী ভিটালীৰ সৈতে যথেষ্ট ঘনিষ্ঠ আছিল জ্যেষ্ঠ ভাতৃগৰাকীৰ। তেওঁলোকৰ ভাতৃ-ভগ্নী মাজৰ সম্পৰ্ক শিশু সুলভ আছিল।
ইফালে প্ৰয়াত দাসৰ পত্নী আৰু দশম শ্রেণীত অধ্যয়নৰত সন্তান ক’ৰনাত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে।












