[captainform id=”1286858″ lightbox=”1″ miliseconds=”3000″ type=”auto-popup”]
ASSAM TIMES POST
গুৱাহাটীঃ যোৱা শনিবাৰে এপিপিএলৰ অধীনস্থ যোৰহাটৰ টীয়ক চাহ বাগিচাৰ চিকিৎসক দেবেন দত্তক একাংশ শ্ৰমিকে মৰিয়াই নিৰ্মমভাৱে হত্যা কৰা ঘটনাৰ বিৰোধিতাৰে মঙলবাৰে পুৱা ৬ বজাৰপৰা ২৪ ঘন্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ভাৰতীয় চিকিৎসা সন্থা চমুকৈ আইএমএৰ অসম ৰাজ্যিক সমিতিয়ে।
ইয়াৰ অংশ হিচাপেই ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে প্ৰতিবাদ সাব্যস্ত কৰে চিকিৎসক তথা চিকিৎসা কৰ্মীসকলে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ কনিষ্ঠ চিকিৎসক সন্থাৰ উদ্যোগত গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত চিকিৎসকসকলে হাতত বেনাৰ লৈ কৰ্মবিৰতি পালন কৰাৰ লগতে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে।
একেদৰে বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ ছাত্ৰ-ছাত্ৰীসকলে শ্ৰেণী বৰ্জন কাৰ্যসূচী ৰূপায়ণ কৰে। ইফালে নদীদ্বীপ মাজুলীটো প্ৰতিবাদ সাব্যস্ত কৰা হয়। ইয়াত প্ৰতিবাদী চিকিৎসক তথা চিকিৎসা কৰ্মীসকলকো উন্মাদ জনতাই আক্ৰমণ কৰা বুলি জানিবপৰা গৈছে। মঙলবাৰৰ প্ৰতিবাদৰ এই দিনটোতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চাহ বাগিচাসমূহত কৰ্তব্যৰত কেইবাজনো চিকিৎসকে প্ৰাণৰ মমতাত পদত্যাগ কৰিবলৈ বাধ্য হয়।
সেই অনুসৰি নুমলীগড় চাহ বাগিচাৰ চিকিৎসক অজয় কটকীয়ে পদত্যাগ কৰে। নুমলীগড় চাহ বাগিচাৰ প্ৰৱন্ধকলৈ চিকিৎসকজনে পদত্যাগ পত্ৰখন প্ৰেৰণ কৰে। সমান্তৰালভাৱে, ডিব্ৰুগড় চাহ বাগিচাৰ চিকিৎসক ৰবি বৰুৱায়ো মঙলবাৰেই পদত্যাগ কৰিছে।
উল্লেখযোগ্য যে ৩১ আগষ্টত টীয়ক চাহ বাগিচাত কৰ্মৰত ডাঃ দেবেন দত্ত কৰ্তব্যত উপস্থিত নথকাৰ বাবেই এজন ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ তুলি চিকিৎসকগৰাকীক আক্ৰমণ কৰিছিল বাগিচাৰ একাংশ উত্তেজিত শ্ৰমিকে।













