ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid-19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ৭২,৪০৫ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ২৩৮৪ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ৮৮৩জন লোক কামৰূপ মহানগৰ জিলাৰ।আক্ৰান্তৰ গড় হৈছে ৩.২৯ শতাংশ।শুকুৰবাৰৰ দিনটোত ৰাজ্যত পুনৰ নতুনকৈ মৃত্যু হৈছে ১২গৰাকী লোকৰ।












