ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid-19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত নতুনকৈ ১৬৬৫ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ইয়াৰে ৬৭৪ জন লোক কামৰূপ মহানগৰ জিলাৰ।
আনহাতে, আক্ৰান্তসকলৰ ১২৫জন কামৰূপ, ৭৪জন নগাঁও আৰু ৬৭জন ডিব্ৰুগড়ৰ জিলাৰ বুলি জানিব পৰা গৈছে।
ৰাজ্যত পুনৰ নতুনকৈ ক’ৰোণা ভাইৰাছৰ পৰা মুক্ত হৈ উঠিল ২৯৭ জনকৈ ব্যক্তি ।ইফালে, বুধবাৰে ক’ৰোনাত আক্ৰান্ত ৫জনৰ মৃত্যু হয় অসমত।
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২২৯১৩৮ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ৯০৪৮ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ২১৭৫৯৩ গৰাকী ব্যক্তি।উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ১১৫০গৰাকীলৈ বৃদ্ধি পালে।












