[captainform id=”1286858″ lightbox=”1″ miliseconds=”3000″ type=”auto-popup”]
ASSAM TIMES POST
গুৱাহাটীঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৰুত্ব নিদিয়াৰ ফলতেই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী ভুলকৈ প্ৰকাশ পালে। এনআৰচি উন্নীতকৰণৰ সময়চোৱাত দুয়ো ক’ত শুই আছিল ? হিমন্ত বিশ্বই এনআৰচি সন্দৰ্ভত কথা কোৱাৰ অধিকাৰ নাই।
ইয়াৰ পুনৰীক্ষণ কৰিবলৈ ক’বলৈও তেওঁৰ অধিকাৰ নাই। এতিয়া সৰ্বানন্দ আৰু হিমন্ত বিশ্বৰ যুদ্ধত অসম মৰিছে। দুয়োকে মাথো ক্ষমতা লাগে, হিমন্তক মুখ্যমন্ত্ৰী হ’বলৈ লাগে। –এই মন্তব্য ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ। মঙলবাৰে গুৱাহাটীত অনুষ্ঠিত এক সংবাদমেলত তেওঁ এইদৰে সৰৱ হৈ কয় যে এনআৰচিক লৈ এতিয়া সমগ্ৰ ৰাজ্য প্ৰতিবাদমুখৰ হৈ পৰিছে।
এয়া কেৱল এটা শ্ৰেণীৰ মাজতে সীমাবদ্ধ হৈ নাথাকি বাঙালী, নেপালী, জনগোষ্ঠীয় সকলো লোকৰ মাজত হৈছে। তেওঁ কয় যে চূড়ান্ত এনআৰচিত নাম বাদ পৰাসকল যদি বিদেশী বুলি স্বীকৃত নহয়েই, তেন্তে তেওঁলোক কিয় বিদেশী ন্যায়াধীকৰণলৈ যাব? এনআৰচিৰ নিৰ্ভুলতা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি গগৈয়ে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ আবেদন কৰিব বুলি সংবাদমেলত মত ব্যক্ত কৰে।













