ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid-19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ৬৭,১৫১ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ১৬৫১গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ইয়াৰে ৭৪২জন লোক কামৰূপ মহানগৰৰ।কেৱল গুৱাহাটী মহানগৰীতে নহয়, ক্ৰমান্বৰে ডিব্ৰুগড়, হোজাই, নগাঁৱতো ক’ৰোণাৰ দ্ৰুত সংক্ৰমণ হৈছে।ইফালে ৰাজ্যত কোভিডৰ পজিটিভৰ হাৰ হৈছে ২.৪৬ শতাংশ ।
আনহাতে,ৰাজ্যত পুনৰ নতুনকৈ ক’ৰোণা ভাইৰাছৰ পৰা মুক্ত হৈ উঠিল ২৭৯ জনকৈ ব্যক্তি আৰু মঙলবাৰৰ দিনটোত কোভিড আক্ৰান্ত হৈ মৃত্যু হয় ৩ গৰাকীৰ ।
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২,২৭,৪৭৩ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি আৰোগ্য হৈ উঠিছে ২১৭২৯৬ গৰাকী ব্যক্তি।উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ১,১৪৫ গৰাকীলৈ বৃদ্ধি পালে।












