ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত প্ৰতিদিনে দ্ৰুতগতিত বাঢ়িছে ক’ৰোণা ভাইৰাছত আক্ৰান্তৰ লোকৰ সংখ্যা।ৰবিবাৰৰ দিনটোত অসমত ক’ৰোনাত আক্ৰান্ত হোৱাৰ লোকৰ সংখ্যা ৬৩৯জনলৈ বৃদ্ধি৷
যোৱা ২৪ ঘন্টাত ৰাজ্যত ২৩৩০০ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৬৩৯গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ইয়াৰে ৩৫৪গৰাকী কামৰূপ মেট্ৰৰ।আনহাতে কামৰূপ গ্ৰাম্য জিলাত ৩৫জন, নগাঁও জিলাত ২৮জন আৰু ডিব্ৰুগড় জিলাত ২৬জন লোক ক’ৰোনাত আক্ৰান্ত হয়।ৰাজ্যৰ পজিটিভিটী ৰেট ২.৭৪শতাংশলৈ বৃদ্ধি।
যোৱা ২৪ ঘণ্টাত ক’ৰোনাত আক্ৰান্ত ৬জন লোকৰ মৃত্যু হয়। ইয়াৰে এজন বৰপেটা জিলাৰ, এজন কাছাৰ জিলাৰ, এজন ধেমাজি জিলাৰ, এজন কামৰূপ মহানগৰৰ, এজন মৰিগাঁও জিলাৰ আৰু এজন তিনিচুকীয়া জিলাৰ। সম্প্ৰতি ৰাজ্যত ক’ৰোনাত আক্ৰান্ত চিকিৎসাধীন লোকৰ সংখ্যা হৈছে ৫,২৭৮।












