ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত প্ৰতিদিনে দ্ৰুতগতিত বাঢ়িছে ক’ৰোণা ভাইৰাছত আক্ৰান্তৰ লোকৰ সংখ্যা।দ্বিতীয় লহৰৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে অসমত।শনিবাৰৰ দিনটোত অসমত ক’ৰোনাত আক্ৰান্ত হোৱাৰ লোকৰ সংখ্যা ৮৭৬জনলৈ বৃদ্ধি৷
যোৱা ২৪ ঘন্টাত ৰাজ্যত ৪৩২৬৮ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৮৭৬ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ইয়াৰে ৩৬০গৰাকী কামৰূপ মেট্ৰৰ।
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২২৩৮১৬ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ৪,৭৯৪ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ২১৬৫৪৬ গৰাকী ব্যক্তি।
শনিবাৰৰ দিনটোত ২গৰাকী লোকৰ মৃত্যু হৈছে ক’ৰোনাত আক্ৰান্ত হৈ।উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ১১২৯ গৰাকীলৈ বৃদ্ধি পালে।ৰাজ্যৰ পজিটিভিটী ৰেট ২.২শতাংশলৈ বৃদ্ধি।












