ষ্টাফ ৰিপ’ৰ্টাৰ:
অসমত ক’ৰোনাৰ দ্বিতীয় লহৰৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ।যোৱা ২৪ ঘন্টাত ৰাজ্যত ৩২,৪২১ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৫৭৩ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ ইয়াৰে কেৱল কামৰূপ মহানগৰ জিলাতে সৰ্বাধিক ২৪৫ গৰাকী লোক আক্ৰান্ত হৈছে ক’ৰোণাত।
আনহাতে কামৰূপ গ্ৰাম্য জিলাত ৪৭ গৰাকী, নগাঁৱত ৩৩ গৰাকী, শোণিতপুৰত আক্ৰান্ত ৩০ গৰাকী ,ডিব্ৰুগড়ত আক্ৰান্ত ২৫ গৰাকী আৰু কাৰ্বি আংলঙত ১৯ গৰাকী আক্ৰান্ত হৈছে।
ৰাজ্যত পুনৰ নতুনকৈ ক’ৰোণা ভাইৰাছৰ পৰা মুক্ত হৈ উঠিল ১১৩জনকৈ ব্যক্তি ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২২,৯৪০ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ৪০৬৯গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে শুকুৰবাৰ দিনটোত কোভিডত আক্ৰান্ত হৈ মৃত্যু হয় ৪ গৰাকীৰ । উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ১১২৭ গৰাকীলৈ বৃদ্ধি পালে।












