ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid-19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ১৮,৩২৩ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৪৯৯ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ইয়াৰে ২৫৫জন লোক কামৰূপ মহানগৰ জিলাৰ।
আনহাতে, আক্ৰান্তসকলৰ ৬৪জন ডিব্ৰুগড় জিলাৰ, ৩১ জন কামৰূপ গ্ৰাম্য জিলাৰ, ১৭ জন কাৰ্বি আংলং জিলাৰ, ২৪জন তিনিচুকীয়া জিলাৰ, ১৭জন হোজাই জিলাৰ আৰু ১৬জন যোৰহাট জিলাৰ বুলি জানিব পৰা গৈছে। বৃহস্পতিবাৰে আক্ৰান্তৰ গড় হৈছে ২.৭২ শতাংশ।
ৰাজ্যত পুনৰ নতুনকৈ ক’ৰোণা ভাইৰাছৰ পৰা মুক্ত হৈ উঠিল ৮৫জনকৈ ব্যক্তি আৰু বৃহস্পতিবাৰৰ দিনটোত মৃত্যু হৈছে এজন লোকৰ।
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২২২৩৬৭ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ৩৬১৩ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ২১৬২৮৪ গৰাকী ব্যক্তি।উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ১১২৩ গৰাকীলৈ বৃদ্ধি পালে।












