ষ্টাফ ৰিপ’ৰ্টাৰ:
মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ক’ৰোণা কালৰ মাজতে অনুষ্ঠিত হ’ব মেট্ৰিক–হাই মাদ্ৰাছা পৰীক্ষা।সমগ্ৰ দেশৰ লগতে অসমতো এতিয়া দ্ৰুত হাৰত বৃদ্ধি পাইছে ক’ৰোণা আক্ৰান্তৰ সংখ্যা।
ক’ৰোণাৰ বাবে দেশৰ কেইবাখনো ৰাজ্যত ব’ৰ্ড পৰীক্ষা বাতিল কৰাৰ সময়তে ছেবাই পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তেনেস্থলত এইবাৰ পৰীক্ষা কিদৰে অনুষ্ঠিত কৰিব তাৰ এক পৰিকল্পনা যুগুত কৰিছে ছেবা কৰ্তৃপক্ষই।সম্পূৰ্ণ কোভিড প্ৰটকলৰ মাজেৰে অনুষ্ঠিত হ’ব পৰীক্ষা।
পৰীক্ষাৰ্থীয়ে বজাই ৰাখিব লাগিব সামাজিক দূৰত্ব।ক’ৰোণাত আক্ৰান্ত পৰীক্ষাৰ্থীৰ বাবে থাকিব সুকীয়া ব্যৱস্থা। পৰীক্ষা কেন্দ্ৰসমূহ বিদ্যালয়ৰ পৰা ১ কিলোমিটাৰ দূৰত্বৰ ভিতৰত থাকিব লাগিব। যদিহে এনে ব্যৱস্থা নাই, তেন্তে পৰীক্ষাৰ্থীৰ বাবে অস্থায়ী টেণ্টৰ ব্যৱস্থা কৰাৰ নিৰ্দেশ।
ব্যৱস্থাসমূহৰ বাবে প্ৰতিজন পৰীক্ষাৰ্থীৰ বাবে কেন্দ্ৰত দিয়া হ’ব ২৫ টকাকৈ।আনহাতে কোভিডৰ বাবে এইবাৰ ছিটপ্লেনৰ ক্ষেত্ৰত ছেবাই জাৰি কৰিছে এক নতুন নিৰ্দেশনা।’এছ’ প্লেন পদ্ধতিৰ জৰিয়তে পৰীক্ষাৰ্থীসকলে এইবাৰ বহিব লাগিব পৰীক্ষা কেন্দ্ৰত।
সেই অনুসৰি প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ প্ৰথম বেঞ্চত দুজন পৰীক্ষাৰ্থী, দ্বিতীয় বেঞ্চত এজন পৰীক্ষাৰ্থী আৰু তাৰ পিছৰ বেঞ্চসমূহতো এইধৰণে বহিব লাগিব পৰীক্ষাৰ্থীসকল। তদুপৰি পৰীক্ষা অনুষ্ঠিত হ’বলগা প্ৰতিটো কেন্দ্ৰৰ দায়িত্বত থকা শিক্ষক-নিৰীক্ষকে ভেকচিন লোৱাটো বাধ্যতামূলক।
একেদৰে ছেবাই প্ৰতিটো পৰীক্ষা কেন্দ্ৰলৈ মাস্ক, ছেনিটাইজাৰৰ বাবে প্ৰেৰণ কৰিব ধন। প্ৰতিটো কেন্দ্ৰৰ প্ৰতিগৰাকী পৰীক্ষাৰ্থীৰ বাবে এইবাৰ ২৫ টকাকৈ দিব ছেবাই। মুঠতে কোভিডৰ সকলো বিধি পালন কৰি পৰীক্ষা অনুস্থিত কৰিবলৈ সাজু হৈছে ছেবা কৰ্তৃপক্ষই।
উল্লেখযোগ্য যে, অহা ১১ মে’ৰ পৰা ৩ জুনলৈ অনুস্থিত হ’ব হাইস্কুল আৰু হাই মাদ্ৰাছা পৰীক্ষা।উল্লেখ্য যে কোভিডসৃষ্ট পৰিস্থিতিৰ বাবে বাতিল কৰা হৈছে চিবিএছইৰ দশম শ্ৰেণীৰ পৰীক্ষা।












