ASSAM TIMES POST
বোকাজানঃ বোকাজান মহকুমাৰ অন্তৰ্গত পুৰণা লাহৰিজানস্থিত সীমান্ত আৰক্ষী চকী (BOP)ৰ নিয়মীয়া তালাচীত নিশা এখন MN 01 BA 0003 নম্বৰৰ নৈশ বাছৰ পৰা ৭১০ কিলোগ্ৰাম গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়।
নৈশ বাছ খনৰ দিকীত মৰ্টনৰ বস্তাৰ মাজত লুকুৱাই লৈ অনা হৈছিল গাঞ্জা খিনি। গাঞ্জা খিনি মণিপুৰৰ চেনাপতি জিলাৰ পৰা নগাঁও অভিমুখে লৈ গৈ আছিল বুলি জানিব পৰা গৈছে।
গাঞ্জাখিনি সৰবৰাহৰ লগত জড়িত নগাঁও ধিংৰ হাবিল আলিক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে লগতে বাছ খনৰ চালক কুমাৰ সিং আৰু হেণ্ডিমেন মধু চন্দ্ৰ সিঙকো আটক কৰিছে আৰক্ষীয়ে। জব্দকৃত গাঞ্জাখিনিৰ বজাৰ মূল্য প্রায় ১৫ লক্ষাধিক টকা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।












