নিউজ ডেস্কঃ
ভাৰতীয় দম্পতিৰ ছুৰিবিদ্ধ মৃতদেহ উদ্ধাৰ হ’ল নিউজাৰ্ছিৰ নর্থ এৰলিংটনৰ এপার্টমেণ্টত। প্রতিবেশীয়ে যোৱা বুধবাৰে দেখা পায় যে দম্পতিহালৰ চাৰি বছৰীয়া শিশুটিয়ে বেলকনিত থিয় হৈ কান্দিছে। তাৰ পিছতেই ঘটনাটো পোহৰলৈ আহে। আৰক্ষী আহি মৃতদেহ দুটা উদ্ধাৰ কৰে।
৩০ বছৰীয়া আৰতি বালাজি ৰুদ্রাৱাৰ আছিল অন্তঃসত্ত্বা। তেওঁৰ স্বামী হৈছে বালাজি ভৰত ৰুদ্রাৱাৰ (৩২)। ২০১৪ চনত দুয়ো বিবাহ পাশত আবদ্ধ হৈছিল। প্ৰকৃততে মহাৰাষ্ট্রৰ বাসিন্দা হ’লেও ২০১৫ চনৰ পৰা নিউজাৰ্ছিত থাকিবলৈ লৈছিল তেওঁলোক। চাৰি বছৰীয়া এটি কন্যা সন্তানো আছে তেওঁলোকৰ। ভৰতে এটি তথ্য-প্রযুক্তি কোম্পানীত কাম কৰিছিল। আৰতি আছিল গৃহিণী।
প্রাথমিক তদন্তত আৰক্ষীৰ অনুমান স্বামীয়েই পত্নীক হত্যা কৰি নিজে আত্মঘাতী হয়। পোষ্টমৰ্টেমৰ ৰিপোর্টৰ অপেক্ষা কৰিছে আৰক্ষীয়ে। বালাজি ভৰতৰ পিতৃৰ মতে, ‘আমাৰ বোৱাৰী সাত মাহৰ অন্তঃসত্ত্বা আছিল। আমি শীঘ্ৰেই তালৈ যোৱাৰ কথা আছিল। হঠাৎ বৃহস্পতিবাৰে এই দুঃসংবাদ লাভ কৰো। পুত্ৰ-বোৱাৰীৰ মৃতদেহ আহি পাবলৈ আঠ–দহদিন লাগিব। নাতিনী বৰ্তমান পুত্ৰৰ এজন বন্ধুৰ ঘৰত আছে।’