ষ্টাফ ৰিপ’ৰ্টাৰ
আজি অসম জাতীয় পৰিষদৰ পূব গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী অদীপ কুমাৰ ফুকনৰ হৈ এক সংবাদমেল সম্বোধন কৰে প্ৰাৰ্থীগৰাকীৰ নিৰ্বাচন প্ৰতিনিধি অমিতাভ বৰঠাকুৰে ৷ উক্ত সংবাদমেলত সমষ্টিটোৰ বিজেপি প্ৰাৰ্থীগৰাকীয়ে নিজৰ ক্ষমতা আৰু শাসনত থকাৰ সুবাদত কেতবোৰ নিকৃষ্ট কাম কৰাৰ অভিযোগ উত্থাপন কৰে ৷ লগতে নিৰ্বাচন আয়োগৰ কেতবোৰ দায়িত্বহীন কাৰ্য আৰু খামখেয়ালিৰ বাবে ভোটাৰ ৰাইজৰ গণতান্ত্ৰিক অধিকাৰ বুমেৰাঙত পৰিণত হোৱা বুলি উল্লেখ কৰে ৷
আনহাতে, প্ৰশাসনৰ গুৰুত্বহীনতা আৰু পক্ষপাতিত্বমূলক আচৰণে অতি গুৰুত্বপূৰ্ণ গণতান্ত্ৰিক অধিকাৰ ভোটদান প্ৰক্ৰিয়াটো সন্দেহৰ আৱৰ্তলৈ লৈ যোৱা বুলিও উল্লেখ কৰে অমিতাভ বৰঠাকুৰে ৷