ASSAM TIMES POST
নগাঁও: নগাঁও সদৰ থানাৰ আৰক্ষীয়ে আজি বিশেষ সুত্ৰৰ পম খেদি চহৰখনৰ উত্তৰ হয়বৰগাঁৱৰ পৰা বৃহৎ পৰিমাণৰ হেৰইন জব্দ কৰাৰ লগতে দুজন যুৱকক গ্ৰেপ্তাৰ কৰে।
জব্দ কৰা হেৰইন খিনিৰ মূল্য পঞ্চাশ লক্ষ হব বুলি আৰক্ষী সুত্ৰে জানিব পৰা গৈছে। প্ৰাপ্ত খবৰ মতে আজি বিয়লি নগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শৈলেন দেউৰী, যানবাহন শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া আব্দুল হান্নান লস্কৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে উত্তৰ হয়বৰগাঁৱৰ এজন প্ৰয়াত প্ৰাক্তন মন্ত্ৰীৰ ঘৰত অভিযান চলাই ৪১৫ গ্ৰাম হেৰইন জব্দ কৰাৰ লগতে ১২০০ ৰো অধিক কনন্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে হেৰইন ব্যবসায়ৰ লগত জড়িত প্ৰয়াত প্ৰাক্তন মন্ত্ৰী জনৰ পুত্ৰ বিপ্লৱ হাজৰিকা ওৰফে কাজু আৰু হেমন্ত গুৰং নামৰ গুৱাহাটীৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰে। আন এজন গুৱাহাটীৰ যুৱককো আটক কৰিছে।












