ষ্টাফ ৰিপ’ৰ্টাৰ:
আকৌ এবাৰ ক’ৰোনাৰ সংহাৰ । প্ৰতিদিনে বাঢ়িছে ক’ৰোণাত আক্ৰান্ত হোৱাৰ লোকৰ সংখ্যা।২০২০ বৰ্ষত ক’ৰোনাৰ বাবে লকডাউন ঘোষণা কৰিছিল । এবছৰৰ পিছত পুনৰ আহিছে ক’ৰোনা সংক্ৰমণৰ দুখবৰ । ভয়াবহ ৰূপত সমগ্ৰ দেশ জুৰি সংক্ৰমিত হৈছে ক’ৰোনা ভাইৰাছ ।
ক’ৰোণাৰ সংক্ৰমণৰ বাবেই যোৱাবাৰ হেঁপাহৰ ৰঙালী বিহু উদযাপন কৰিব পৰা নাছিল অসমীয়াই। ২৩ মাৰ্চ ২০২১ত অসমত নতুনকৈ ৫২ জন লোকৰ দেহত ক’ৰোণাৰ অৱস্থিতি ধৰা পৰে। ইয়াৰে ভিতৰত ১৮ জন গুৱাহাটী মহানগৰীৰ।
ক’ৰোণাৰ এনে সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া বিহু,ফাকুৱা,ঈদ আদি উৎসৱৰ ক্ষেত্ৰত ঠাই বিশেষে বাধা নিষেধ আৰোপ কৰিবলৈ অসমৰ মুখ্য সচিবলৈ নিৰ্দেশ পত্ৰ প্ৰেৰণ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে।
ফলত শীঘ্ৰেই ৰাজ্যৰ স্বাস্থ্য বিভাগে ক’ৰোণাৰ নতুন নীতি-নিৰ্দেশনা জাৰি কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে প্ৰকাশ কৰা নিৰ্দেশনাত কোৱা হৈছে যে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সমূহত লকডাউনৰ নিৰ্দেশনা কঠোৰ ভাবে মানি লোৱা নাই ।
সেই নিয়ম সমূহ কঠোৰ ভাবে পালন কৰিবলৈ আৰু কণ্টেইনমেণ্ট জ’ন সমূহত নিৰ্দেশাৱলী মানি চলিবলৈ জিলা প্ৰশান সমূহেও ব্যৱস্থা গ্ৰহণ কৰিব লাগে।