ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত পুনৰ নতুনকৈ ক’ৰোণা ভাইৰাছৰ পৰা মুক্ত হৈ উঠিল ২২ জনকৈ ব্যক্তি ৷ আনহাতে যোৱা ২৪ ঘন্টাত ৰাজ্যত নতুনকৈ ৩০ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৮০০৬ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ৩২৩ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ২১৫২৩৫ গৰাকী ব্যক্তি।সোমবাৰে ৰাজ্যত ক’ৰোনাত আক্ৰান্ত এজনৰ মৃত্যু।উল্লেখ্য যে ৰাজ্যত বৰ্তমানলৈ বিয়োগ হোৱা লোকৰ সংখ্যাও ১১০১ গৰাকীলৈ বৃদ্ধি পালে।












