ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : অসম-নগালেণ্ড আন্তঃৰাজ্যিক সীমান্তৱৰ্তী এলেকাত আৰক্ষীয়ে যোৱা নিশা অস্ত্ৰ-শস্ত্ৰসহ এজন যুৱকক আটক কৰে। ঘটনাৰ বিৱৰণী অনুসৰি, এক গোপন সূত্ৰৰ পম খেদি বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত তথা খটখটি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৌবলিক ব্ৰক্ষ্মৰ সহযোগত আৰক্ষীৰ এটা দলে অসম-নগালেণ্ড আন্তঃৰাজ্যিক সীমান্তৱৰ্তী লাহৰিজানত এক অভিযান চলাই অস্ত্ৰ-শস্ত্ৰ সহ এজন যুৱকক আটক কৰিবলৈ সক্ষম হয়।
আগন্তুক সাধাৰণ নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত এনে ঘটনাই পাহাৰীয়া জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আটকাধীন যুৱকজন মণিপুৰৰ ইম্ফল জিলাৰ কানচিপুৰৰ বাসিন্দা খুপচেই ছিংচনৰ পুত্ৰ লেনথাং ছিংচন (৩৯) বুলি চিনাক্ত কৰা হৈছে৷
অভিযানকাৰী দলটোৱে যুৱকজনৰ পৰা এটা মেগজিনসহ এটা পইন্ট ২২ পিষ্টল আৰু পইন্ট ২২ পিষ্টলৰ ৩ টা সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে অধিক তথ্যৰ বাবে ধৃত যুৱকজনক খটখটি আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে বুলি আৰক্ষী সূত্ৰে প্ৰকাশ।